অধ্যাপকৰ নামত কলংক সানিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন সহকাৰী অধ্যাপকে। অধ্যাপকৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন নিৰ্যাতনৰ অভিযোগ।
বিশ্ববিদ্যালয়ৰ ছাত্ৰীক অশ্লীল আচৰণ কৰাৰ লগতে যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰে। ইয়াৰ পূৰ্বে অইন এজন শিক্ষাৰ্থীয়েও অধ্যাপকজনৰ অশ্লীল আচৰণৰ বিষয়ে অভিযোগ কৰিছিল।
শিক্ষাৰ্থীসকলে দাবী কৰিছে যে তেওঁৰ বিৰুদ্ধে সঠিক তদন্ত কৰিবলৈ দাবী উত্থাপন কৰে লগতে দোষী সাব্যস্ত হ’লে বিশ্ববিদ্যালয়ৰ পৰা সোনকালে বৰ্খাস্ত কৰিব লাগে।
উক্ত সহকাৰী অধ্যাপকজনে হোৱাটছএপ আৰু ফেচবুকৰ জৰিয়তে ছাত্ৰীসকলক অশ্লীল বাৰ্তাৰে যৌন নিৰ্যাতন কৰে বুলি অভিযোগ উত্থাপন হৈ আহিছে।ইতিমধ্যে স্নাতকোত্তৰ ছাত্ৰ সন্থাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ইয়াৰ সঠিক তদন্ত বিচাৰি আৰু অভিযুক্তক শাস্তি দিবলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে।