ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ শেহতীয়া ভাৰত ভ্ৰমণৰ সময়তে ভাৰতৰ বায়ু প্ৰতিৰক্ষা প্ৰণালী এছ-৪০০ আগতীয়াকৈ যোগান ধৰাৰ আশ্বাস দিয়া হৈছিল। সেই আশ্বাস অনুসৰিয়েই এই শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থাপনাৰ সামগ্ৰীৰ প্ৰথমটো গোট ভাৰত পালেহি। আনহাতে ইয়াৰ দ্বিতীয়টো গোট অহা বছৰ আহি পোৱাৰ সম্ভাৱনা আছে। ভাৰতে বায়ু প্ৰতিৰক্ষা প্ৰণালী এছ-৪০০ মুঠ ৫ টা গোট লাভ কৰিব। চীন আৰু পাকিস্তানৰ দ্বাৰা উদ্ভৱ হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতক এছ-৪০০ ৰ প্ৰয়োজন আছিল।
জানিব পৰা মতে এছ-৪০০ প্ৰণালীটো পঞ্জাৱ খণ্ডত স্থাপন কৰা হৈছে। ইয়াৰ পৰা ই পাকিস্তান আৰু চীন দুয়োৰে ভাবুকিৰ মোকাবিলা কৰিব পাৰিব। অক্টোবৰ ২০১৮-ত ভাৰত আৰু ৰাছিয়াৰ মাজত হোৱা চুক্তি অনুসৰি ভাৰতে এছ-৪০০লাভ কৰিছে। বিশ্বৰ আটাইতকৈ আধুনিক বায়ু প্ৰতিৰক্ষা প্ৰণালী হিচাপে বিবেচিত এছ-৪০০ ৰ সৈতে বায়ু মণ্ডলত ভাৰতৰ শক্তি অভেদ্য হৈ পৰিব। প্ৰণালীটোৱে ৪০০ কিলোমিটাৰ পৰিসৰত শত্ৰুৰ মিছাইল, ড্ৰোন আৰু বিমান বতাহত আক্ৰমণ কৰিব পাৰে।