আজি পৱিত্ৰ বৰদিন। মহামাৰী কোৰোনা, অমিক্ৰণৰ মাজতে সমগ্ৰ বিশ্বত উদযাপন হৈছে বৰদিন। পৃথিৱীৰ ভিন্ন প্ৰান্তত প্ৰভু যীশুক স্মৰণ কৰিছে খ্ৰীষ্ট ধৰ্মৰ লোকসকলে।
বৰদিনৰ সৈতে সংগতি ৰাখি বলুকা শিল্পী সুদৰ্শন পাটনায়কে নিৰ্মাণ কৰিছে ৫০ফুট দৈৰ্ঘৰ আৰু ২৮ফুটৰ এক সুবিশাল চান্টা ক্লজ। বালিচৰত ভিন্ন ৰঙীৰ ফুলেৰে নিৰ্মাণ কৰা এই চান্টাক নিৰ্মাণ কৰা হৈছে পুৰীত।
প্ৰায় ৫৪০০পাহ গোলাপ ফুলৰ লগতে অন্য ভিন্ন ৰঙৰ ফুলেৰে নিৰ্মাণ কৰা চান্টাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।