কেৱল যান-বাহন আইন ভঙ্গকাৰীৰ বিৰুদ্ধেই যোৱা তিনি বছৰত প্ৰায় ১০০ কোটিৰ ওচৰত জৰিমনা আদায় কৰিছে পৰিবহণ বিভাগে, এই কথা উল্লেখ কৰিছে সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাসে। তেওঁ আশ্চৰ্য প্ৰকাশ কৰি কয় যে, যান-বাহন ব্যৱহাৰকাৰীৰ অকণমান সজাগতা-সচেতনতাৰ অভাৱৰ বাবেই ইমানবোৰ জৰিমনা ভৰিবলগা হয়।
উল্লেখ্য যে, ড° হিমন্ত বিশ্ব শৰ্মাই ৩১ ডিচেম্বৰত এটাও পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যু সংঘটিত হ’বলৈ দিয়া নহ’ব বুলি অঙ্গীকাৰ কৰাৰ লগতে এইক্ষেত্ৰত সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা বিচাৰি জনোৱা আহ্বানৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই দেওবাৰে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক যুৱকে বাইকলৈ গণেশগুৰিৰ উৰণীয়া সেঁতুৰ তলত মিলিত হৈ এক জনসচেতনতা বাইক ৰেলী উলিয়ায়।
বাইক ৰেলীৰ আগমুহূৰ্তত গণেশগুৰিৰ উৰনীয়া সেঁতুৰ তলত অনুষ্ঠিত এখন জনসচেতনতা সভাত অংশগ্ৰহণ কৰি সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে যোৱা সময়চোৱাত পথ দুৰ্ঘটনাত নিহত লোকৰ এক পৰিসংখ্যা দাঙি ধৰি বিশেষকৈ যুৱপ্ৰজন্মক উদ্দেশ্যি কয় যে- বীৰ লাচিতৰ দেশত জন্ম হোৱা তেজাল ডেকাৰ লগতে আন কোনো লোককে আমি পথ দুৰ্ঘটনাত প্ৰাণহানি হ’বলৈ নিদিও। প্ৰতিগৰাকী অভিভাৱককে নিজৰ সন্তানক পথ সুৰক্ষা আইন মানি চলিবলৈ বাধ্য কৰালে সমাজৰ প্ৰতি ডাঙৰ সহযোগিতা আগবঢ়োৱা হ’ব লগতে যুৱপ্ৰজন্মক উদ্যেশি তেওঁ কয় যে- অকাল মৃত্যু হাতৰ মুঠিত লৈ তীব্ৰবেগত বাইক চলোৱাৰ প্ৰতিযোগিতাত নামিলে নহ’ব । নিজৰ দেহাটো ৰক্ষা কৰি হেলমেট, ছীটবেল্ট আদি পৰিধান কৰি যান-বাহন আইন মানি চলিব লাগিব ৷