কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নীতি আয়োগে আজি সৰ্বভাৰতীয় পৰ্যায়ত ২০১৯-২০ বৰ্ষৰ ভিত্তিত ৰাজ্যিক স্বাস্থ্য সূচকাংকৰ প্ৰতিবেদন প্ৰকাশ কৰিছে৷ এই সূচক নম্বৰৰ আধাৰত প্ৰকাশিত সামগ্ৰিক ৰেংকিঙত দেশৰ ভিতৰতে কেৰালাই শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, স্বাস্থ্য সূচকাংকত উত্তৰ প্ৰদেশে লাভ কৰিছে অন্তিম স্থান।
উল্লেখ্য যে, একেৰাহে চতুৰ্থবাৰৰ বাবে কেৰালা সামগ্ৰিক প্ৰদৰ্শনৰ ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে। আজি প্ৰকাশিত এই প্ৰতিবেদনত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে তামিলনাডু আৰু তেলেংগানাই৷ একেদৰে চতুৰ্থ স্থানত অন্ধ্ৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰই পঞ্চম স্থান লাভ কৰে৷
নীতি আয়োগৰ প্ৰতিবেদনত উত্তৰ প্ৰদেশে সৰ্বনিম্ন ১৯সংখ্যক স্থান কৰাৰ লগতে অসমে লাভ কৰিছে ১২সংখ্যক স্থান৷
নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে আজি প্ৰতিবেদনখন প্ৰকাশ কৰি কয় যে, ৰাজ্যসমূহে ৰাজ্যিক স্বাস্থ্য সূচকাংকৰ দৰে সূচকাংকসমূহৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে আৰু সেইবোৰ তেওঁলোকৰ নীতি নিৰ্ধাৰণ আৰু সম্পদ আবণ্টনত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।
উল্লেখযোগ্য যে, বিশ্ব বেংকৰ কাৰিকৰী সহায়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সহযোগত প্ৰতিবেদনখন প্ৰস্তুত কৰা হৈছে।