ক’ৰোনা পৰিস্থিতি ক্ৰমাৎ ভয়াৱহ হোৱা আৰু অমিক্ৰনৰ সংক্ৰমণৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানী দিল্লীত য়েলো এলাৰ্ট (Yellow Alert) জাৰি কৰিলে দিল্লী চৰকাৰে। আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ক’ভিড-১৯ পৰস্থিতি পৰ্যালোচনাৰ বাবে উচ্চ স্তৰীয় বৈঠকত মিলিত হোৱাৰ পিছতে য়েলো এলাৰ্ট জাৰি কৰাৰ কথা ঘোষণা কৰে।
বুধবাৰৰ পৰা দিল্লীত বলৱৎ হ’ব এই য়েলো এলাৰ্ট। যাৰ ফলত দেশৰ ৰাজধানীত পুনৰ কেতবোৰ বাধা নিষেধ প্ৰযোজ্য হ’ব। সেই অনুসৰি বুধবাৰৰ পৰা দিল্লীত স্কুল, কলেজ, চিনেমা হল, জীম, স্পা আদি সম্পূৰ্ণ বন্ধ থাকিব। মেট্ৰো ট্ৰেইন, বাছ আদি ৫০ শতাংশ যাত্ৰীৰ সৈতে চলিব পাৰিব। লগতে পূৰ্বৰ তুলনাত এইবাৰ ক’ৰোনাৰ সৈতে যুঁজিবলৈ ১০ গুণ অধিক সাজু হৈ আছে দিল্লী চৰকাৰ বুলিও মুখ্যমন্ত্ৰীজনে দাবী কৰে।