শুকুৰবাৰে বছৰটোৰ শেষৰখন সংবাদমেল সম্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।এই সংবাদমেলত অসমৰ শেহতীয়া মহামাৰীৰ পৰিস্থিতিৰ সন্দৰ্ভত ৰাজ্যবাসীক সজাগ হবলৈ আহ্বান জনায় ।
শেহতীয়াকৈ দেশত তীব্ৰৰূপ লোৱা অমিক্ৰনক লৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অ’মিক্ৰনৰ বাবে ৯ হাজাৰ বিছনা সাজু কৰি ৰখা হৈছে বুলি মন্তব্য কৰে । লগতে অসমত বৰ্তমান মুঠ ১৬০০ ICU বিছনা মজুত আছে বুলি প্ৰকাশ কৰে । ইয়াৰ ১০০০ খনেই ৰখা হৈছে ক’ভিডৰ বাবে ৰখা হৈছে।
ইফালে ক’ৰণাত আক্ৰান্তৰ সংখ্যা দাঙি ধৰি তেওঁ বৰ্তমানলৈ ৬ লাখ ২০ হাজাৰ ৫৭৩ জন লোক আক্ৰান্ত হোৱা বুলি প্ৰকাশ কৰে । ইয়াৰে আৰোগ্যৰ সংখ্যা হৈছে ৬ লাখ ১২ হাজাৰ ২৮২গৰাকী ।
এতিয়ালৈ ৰাজ্যত মুঠ ৩ কোটি ৭৫ লাখ পালি টিকাকৰণ সম্পন্ন হোৱা বুলিও তথ্য দাঙি ধৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। লগতে বহাগ বিহুত ৮ খন নতুন কৰ্কট হাস্পতাল মুকলি হ’ব । পহিলা জানুৱাৰীৰ পৰা বন্ধ হ’ব MMCH ৰ সেৱা। পাণ্ডু-ধীৰেনপাৰাত মুকলি হ’ব নতুন চিকিৎসালয়।