বছৰৰ আৰম্ভণিতে অসমলৈ গৌৰৱ কঢ়িয়ালে অভিনেতা আদিল হুছেইনে৷ অভিনেতাগৰাকীয়ে ‘ফৰ্বছ’এ ২০২১ বৰ্ষৰ বাবে হিন্দী চিনেমা উদ্যোগৰ ৮টা অসামান্য প্ৰদৰ্শনৰ ‘উৎকৃষ্ট অভিনেতা’ৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। আদিল হুছেইনে বলীউডৰ চিনেমা ‘বেল বটম’ত কৰা অনবদ্য অভিনয়ৰ বাবে তালিকাত স্থান লাভ কৰিছে৷ ‘ফৰ্বছ’এ কয়, আদিল হুছেইনে ‘বেল বটম’ত ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বীৰ চৰিত্ৰত অভিনয় কৰিছে৷ যিটো চৰিত্ৰ চিনেমাখনৰ মূল চৰিত্ৰতকৈও গুৰুত্বপূৰ্ণ হৈছে৷ অকেন্দ্ৰীয় চৰিত্ৰবোৰে সাধাৰণতে দৰ্শকৰ মনোযোগ আকৰ্ষণ নকৰে। কিন্তু আদিল হুছেইনে এই কঠিন কামটো যথেষ্ট নিখুঁতভাবে কৰিছে আৰু চৰিত্ৰটোক দৰ্শকৰ দৃষ্টি গোচৰ কৰি কেন্দ্ৰীয় চৰিত্ৰৰ দৰেই মনোযোগ লভিবলৈ সক্ষম হৈছে। চৰিত্ৰটোৱে এক ক্ষীণ ৰেখাত খোজ কাঢ়ে আৰু হুছেইনে ইয়াক যথেষ্ট সুন্দৰতাৰে পৰিৱেশন কৰে বুলিও ‘ফৰ্বছ’ৰ তৰফৰ পৰা মন্তব্য কৰিছে৷
‘ফৰ্বছ’ৰ তালিকাত স্থান পোৱা আন অভিনেতাসকল হ’ল: আশুতোষ ৰাণা, সুপ্ৰিয়া পাঠক, অভিষেক বেনাৰ্জী, জিমি শ্বেৰগিল, সিকন্দৰ খেৰ, মানৱ কৌল আৰু অমৃতা সুভাষ।
‘ফৰ্বছ’ৰ তালিকাত স্থান পোৱাৰ পাছত আদিল হুছেইনে টুইটাৰযোগে কয়, ২০২১ চনৰ ৮ টা অসামান্য প্ৰদৰ্শনৰ তালিকাত মোৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে ‘ফৰ্বছ’ক ধন্যবাদ। উল্লেখযোগ্য যে, ‘ফৰ্বছ’ হৈছে এখন আমেৰিকান ব্যৱসায়িক আলোচনী। বছৰত আঠবাৰ প্ৰকাশিত আলোচনীখনত বিত্ত, উদ্যোগ, বিনিয়োগ আৰু বিপণন বিষয়ৰ ওপৰত প্ৰবন্ধ প্ৰকাশিত হয়৷ ‘ফৰ্বছ’এ প্ৰযুক্তি, যোগাযোগ, বিজ্ঞান, ৰাজনীতি আৰু আইনৰ দৰে সম্পৰ্কিত বিষয়ৰ ওপৰতো প্ৰতিবেদন আগবঢ়ায়।