ক’ৰোনাৰ নতুন ভেৰিয়েন্ট অমিক্ৰনে ত্ৰাস চলাইছে সমগ্ৰ বিশ্বত। শেহতীয়াকৈ ভাৰতত প্ৰৱেশ কৰা অমিক্ৰণত আক্ৰান্তৰ সংখ্যাই ৪ হাজাৰৰ দেওনা পাৰ কৰিলে। সমগ্ৰ দেশত এতিয়া লকডাউন সদৃশ পৰিৱেশ। এনে পৰিস্থিতিৰ মাজতে পুনৰ সৃষ্টি হৈছে ক’ৰোনাৰ নতুন ভেৰিয়েন্ট। ক’ৰোনাৰ এই নতুন ভেৰিয়েন্ট সৃষ্টি হৈছে ডেল্টা আৰু অমিক্ৰণৰ মিশ্ৰণত। শেহতীয়াকৈ বৈজ্ঞানিকসকলৰ গৱেষণাত ধৰা পৰা এই নতুন ভেৰিয়েন্টৰ নাম হৈছে- Deltacron.
বৈজ্ঞানিক সকলে প্ৰকাশ কৰা তথ্য অনুসৰি, এই ডেল্টাক্ৰণ জেনেটিকভাৱে ডেল্টা ভেৰিয়েন্টৰ সৈতে প্ৰায় একে। বৈজ্ঞানিকসকলে লগতে দাবী কৰিছে যে, নতুনকৈ এই ভেৰিয়েন্টত সমগ্ৰ বিশ্বত আক্ৰান্ত হৈছে ২৫ গৰাকীকৈ লোক।
অৱশ্যে বিশেষজ্ঞসকলে কয় যে, “বৰ্তমান মুহূৰ্তত এই নতুন ভেৰিয়েন্টটো বিশেষ চিন্তাৰ বিষয় নহয়।”
চাইপ্ৰাছ বিশ্ববিদ্যালয়ৰ গৱেষণাত লোৱা ২৫ টা নমুনাত অ’মিক্ৰনৰ লগত ১০ টা পৰিৱৰ্তন পোৱা গৈছিল। ভাইৰাছৰ ১১ টা নমুনা চিকিৎসালয়ত চিকিৎসাধীন লোকসকলৰ পৰা লোৱা হৈছিল, আনহাতে ১৪ টা চাইপ্ৰাছ বিশ্ববিদ্যালয়ৰ জৈৱ প্ৰযুক্তি আৰু আণৱিক ভাইৰোলজীৰ পৰীক্ষাগাৰৰ মুৰব্বী ড. লিয়ণ্ডিঅছ ক’ষ্ট্ৰিকিছৰ পৰা লোৱা হৈছিল। তেওঁ কৈছে যে, “চিকিৎসালয়ত ভৰ্তি ৰোগীসকলৰ মাজত পৰিৱৰ্তনৰ সঘনতা অধিক আৰু ই নতুন প্ৰকাৰ আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ মাজত সম্পৰ্ক দেখুৱাব পাৰে।”