দেশ তথা ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্ত লোকৰ সংখ্যা । ক’ৰণাৰ নতুন ভেৰিয়েন্ট অমিক্ৰণৰ সংক্ৰমণে প্ৰতিদিনে বাঢ়িছে। স্বাস্থ্যমন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা মতে, স্বাস্থ্যৰ অৱনতি নহ’লে, ক’ৰণাৰ পৰীক্ষা কৰাৰ প্ৰয়োজন নাই।
এতিয়াৰ পৰা ঘৰতে ক’ৰণা পৰীক্ষা কৰিব পাৰিব সাধাৰণ লোকে। ইণ্ডিয়ান কাউঞ্চিল অব মেডিকেল ৰিচাৰ্চে ঘৰতে বহি ক’ৰণা পৰীক্ষা কৰাৰ কিট কোভিছেল্ফক অনুমোদন জনাইছে।
এই কিটৰ জৰিয়তে সাধাৰণ মানুহে মাত্ৰ ২৫০ টকা খৰচ কৰিয়েই ক’ৰণা পৰীক্ষা কৰিব পাৰিব। এই ক’ৰণা পৰীক্ষাৰ বাবে বিশেষ বিজ্ঞপ্তি জাৰি কৰিছে ICMR-এ।
উল্লেখ্য যে, সঠিক তথ্য প্ৰকাশ পোৱাৰ ক্ষেত্ৰত এই কিট ক্ৰয়ৰ সময়ত মুম্বাই প্ৰশাসনে কিছু নতুন নিয়ম জাৰি কৰিছে। ঘৰত টেষ্ট কৰাৰ পিছত ক’ৰণা পজিটিভ হলে, তেতিয়া সেই তথ্যৰ পৰাই অনলাইনত আপডেট কৰিব পাৰিব স্বাস্থ্য বিভাগে।