মহম্মদ ৰফীৰ সৈতে লতা মংগেশকাৰৰ আছে বহু কালজয়ী গীত ৷ কিন্তু এবাৰ গীতৰ ৰয়েল্টিক লৈ দুয়োৰে সংঘাত হৈছিল ৷ ‘৬০ৰ দশকত হৈছিল দুই কিংবদন্তী কন্ঠশিল্পীৰ এই সংঘাত ৷ গীতৰ ৫ শতাং ৰয়েল্টিত গায়কে আধা অংশ পাব লাগে বুলি লতাই গ্ৰহণ কৰা স্থিতিক ৰফীয়ে সমৰ্থন কৰা নাছিল ৷ ফলত দুয়োৰে সংঘাত ইমানেই গুৰুতৰ হৈছিল যে ১৯৬১ৰ মায়া ছবিৰ তছবীৰ তেৰি দিল ম্যে শীৰ্ষক গীতটো একেলগে গাবলৈ দুয়ো অস্বীকাৰ কৰিছিল ৷ পাছত সংগীত পৰিচালক জয়কিষাণৰ মধ্যস্থতাতহে সংঘাত শাম কাটিছিল ৷
এই সংঘাত আকৌ হৈছিল ১৯৭৪ত ৷ গীণিজ বুক অৱ ৱল্ড ৰেকৰ্ডে লতাক ইতিহাসৰ সৰ্বাধিক গীত ৰেকৰ্ড কৰা শিল্পীৰ মৰ্যাদা সময়ত ৷ ৰফীয়ে আপত্তি কৰিছিল যে তেওঁহে লতাতকৈ বেছি গীত গাইছে ৷ ২৫০০০ গীত গোৱা বুলি লতাৰ এই অভিলেখক আন বহুতেও প্ৰত্যাহ্বান জনাইছিল ৷ অৱশ্যে লতাই কৈছিল যে তেওঁ কিমান গীত গাইছে হিচাপ ৰখা নাই আৰু গীণিজ বুকক কোনে এই তথ্য দিলে তেওঁ নাজানে ৷
সহস্ৰাধিক গীত গোৱা লতা মাত্ৰ এদিনহে স্কুললৈ গৈছিল ৷ কাৰণ স্কুলৰ প্ৰথম দিনাই তেওঁ লগত লৈ গৈছিল ১০ মহীয়া ভনীয়েক আশাক ৷ হয়, বৰ্তমানৰ প্ৰখ্যাত গায়িকা আশা ভোছলেক ৷ কিন্তু কেঁচুৱা লৈ class কৰিব দিয়া নহ’ব বুলি কোৱাত খঙত লতা ঘৰলৈ ঘূৰি যি আহিল আৰু স্কুললৈ নগ’ল ৷ মাৰাঠী তেওঁ ঘৰৰ বন কৰা ল’ৰা এজনৰ পৰা শিকিছিল ৷ হিন্দী শিকিছিল সম্পৰ্কীয় ভনীয়েক এগৰাকীৰ পৰা ৷
১৯৬২চনত লতা মংগেশকাৰ হঠাতে অসুস্থ হৈ পৰিছিল ৷ প্ৰায় তিনিমাহ ৷ তেওঁ পেটৰ অসুখ হৈছিল আৰু বমি কৰিছিল ৷ চিকিৎসকে এক্স-ৰে কৰি কৈছিল যে কোনোবাই লতাক খাদ্যত শ্ল পইজন দিছে ৷ হাঁহাকাৰ লাগিছিল। ভনীয়েক আশা ভোছলেই তেতিয়াৰে পৰা তেওঁ ৰন্ধা বঢ়া কৰিব বুলি ঘোষণা কৰিছিল ৷ তেতিয়া হেনো ঘৰৰ ৰান্ধনীজনে দৰমহা নোলোৱাকৈ কাম এৰি দিছিল । লতাৰ মতে এই ৰান্ধনীজনক কোনোবাই শ্ল পইজন দিবলৈ লগাইছিল ৷ কিন্তু কোনে? তাৰ উত্তৰ আজিলৈকে নোলাল ৷