“পৃথিৱীৰ সকলো ধৰ্মই যুগে যুগে সত্য আৰু মানৱতাৰ জয়গান গাই আহিছে। কিন্ত তাৰ বিপৰীতে একাংশই ধৰ্মৰ নামত আকৌ বিভেদৰ বীজ সিঁচি আহিছে। এই কার্য অতিশয় নিন্দনীয়”, এই মন্তব্য অসম আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী বিষয়া তথা গুৱাহাটী মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ।
ৰবিবাৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰৰ ধোঁপৰতল ১ নং খেলৰ নামঘৰৰ মাংগলিক কাৰ্যৰ মাজেৰে আয়তীৰ উৰুলিৰে নতুন গৃহৰ আধাৰশিলা স্থাপন উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ এই মন্তব্য কৰে আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তই।
মহন্তই কয়, কোনো ধৰ্মই কোনো লোকক ঘিণ কৰিবলৈ নকয় বা আন ধৰ্মক হেয় প্ৰতিপন্ন কৰিবলৈ নকয়। তেনেদৰে অসমৰ সমাজ জীৱনত নামঘৰ সমূহে অতীজৰে পৰা এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে নামঘৰসমূহে একো একোটা অঞ্চলৰ লোকৰ মাজত সম্প্ৰীতি, সংহতি, একতাৰ, এনাজৰীডাল অধিক সুদৃঢ় কৰি আহিছে বুলি সদৰি কৰে।