পুনৰ ৰূপালী পৰ্দাত জিলিকিব বলিউডৰ বিগ বি অমিতাভ বচ্চন । বলীউডৰ বিগ বিৰ বাবে সম্পূৰ্ণ প্ৰযোজ্য এই বাক্যশাৰী । বৰ্তমান তেওঁৰ বয়স ৮০ ৰ ঊৰ্ধৰ হলেও তেওঁ বলীউডৰ যিকোনো একচন হিৰোক অনায়াসে পৰাস্ত কৰিব পাৰে। এজন একচন হিৰো হৈ ৰূপালী পৰ্দাত ভুমুকি মৰা এই ছুপাৰষ্টাৰজন বলীউডত বিভিন্ন খ্যাতি অৰ্জন কৰিছে। উল্লেখ্য যে,ৰোটি কপদা অউৰ মাকান, দিৱাৰ, ডন, ত্ৰিশূল, দ্য গ্ৰেট গেম্বলাৰ, কালা পাথাৰ, দোস্তানা, শান, শক্তি, আখৰী ৰাস্তা, শেহনশ্বাহ, অগ্নিপথৰ দৰে চলচ্চিত্ৰৰ প্ৰতিটো দৃশ্যই অনুৰাগীৰ মনত জীপাল হৈ আছে ।
শেহতীয়াকৈ, অমিতাভ বচ্চনে তেওঁৰ আহিবলগীয়া ছবিৰ ছেটৰ পৰা এখন ‘একচন-পেক’ছবি শ্বেয়াৰ কৰিছে। তেওঁ নিজেই প্ৰকাশ কৰিছে কিয় এংৰি ইয়ং মেন উপাধি দিয়া হৈছিল তেওঁক।
বুধবাৰে নিশা, অমিতাভ বচ্চনে ইনষ্টাগ্ৰামত দুখন ফটো শ্বেয়াৰ কৰিছিল। তাত বিগ বিক এটা একচন চিকুৱেঞ্চ শ্বুটৰ মাজত দেখিবলৈ পোৱা গৈছিল। বিগ বি-ৰ এই ছবিখন দেখি তেওঁৰ অনুৰাগীসকল তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে।
বিগ বি নতুন ছবি ‘ঝুণ্ড’ৰ ট্ৰেইলাৰ বুধবাৰে মুক্তি দিয়া হৈছিল। ৩ মিনিট ১ ছেকেণ্ডৰ ট্ৰেইলাৰৰ আৰম্ভণিতে, বিগ বিক ফুটবল প্ৰশিক্ষক বিজয় বৰশৰ চৰিত্ৰত দেখা গৈছে। এই ছবিখন মাৰাঠী পৰিচালক নাগৰাজ পোপটলাল মঞ্জুলে পৰিচালনা কৰিছে।