দাম বাঢ়িল ঘৰুৱা চিলিণ্ডাৰৰ। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত দাম বৃদ্ধি পালে ৫০টকাকৈ। এই নতুন নিৰিখ আজি অৰ্থাৎ শনিবাৰৰে পৰা সমগ্ৰ দেশত প্ৰযোজ্য হৈছে। এতিয়া প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হলগৈ ১০৪৮টকা।
উল্লেখ্য যে, কেইদিন মানৰ পূৰ্বে বাণিজ্যিক চিলিণ্ডাৰৰ দাম প্ৰতিটোত বৃদ্ধি পাইছিল ১০২টকাকৈ। চিলিণ্ডাৰৰ মূল্যবৃদ্ধিক লৈ বিৰোধী দলৰ লগতে সাধাৰণ জনতাৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।