পুনৰ আলফা(স্বা)ত যোগদান দুই যুৱকৰ! গুৱাহাটী মহানগৰীৰ গীতামন্দিৰৰ মানৱ ডেকা নামৰ যুৱকজন আলফা(স্বা)ত যোগদানৰ সন্দেহ পৰিয়ালৰ।
পেচাত কনিষ্ঠ অভিযন্তা আছিল মানৱ ডেকা। যুৱকজনক ওভতাই পঠিয়াবলৈ পৰেশ বৰুৱাক কাতৰ আহ্বান পৰিয়ালৰ। উল্লেখ্য যে বিগত কেইবাদিনো ধৰি নিৰুদ্দেশ হৈ আছে মানৱ ডেকা।
অন্যহাতে মৰাণৰ উদীয়মান কণ্ঠশিল্পী এগৰাকীৰো আলফা(স্বা)ত যোগদানৰ সন্দেহ। ৫ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছে অভিলেখ বৰা। ম’বাইল মেৰামতি কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই অহা অভিলেখ আৰু উভতি নাহিল। ঘৰৰ পৰা ওলাই যোৱাৰ পাছতেই পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিল যুৱকজনৰ। পৰিয়ালৰ লোকে তেওঁকো আলফা (স্বা)ত যোগদান কৰাৰ সন্দেহ কৰিছে।