‘লেডি ডাবাং’ হিচাপে অভিহিত SI জোনমণি ৰাভা বৰ্তমান বিতৰ্কৰ শীৰ্ষত। জোনমণিৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে ৰাজ্য জুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। এনে প্ৰতিক্ৰিয়াৰ মাজতে নগাঁৱৰ পৰা কলিয়াবৰলৈ তাৎক্ষণিকভাৱে বদলি কৰা হৈছে জোনমণি ৰাভাক।
উল্লেখ্য যে, যোৱা ৪ মে’ত নগাঁও আৰক্ষীয়ে প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল মাজুলীৰ যুৱক ৰাণা প’গাগক। এই ৰাণা প’গাগৰ সৈতে আছিল এছ আই জোনমণি ৰাভাৰ সম্পৰ্ক। দুয়োৰে বিয়া হোৱাৰ কথা আছিল। ৰাণা প’গাগে নিজকে অইলৰ বিষয়া বুলি ভুৱা পৰিচয় দিয়া বুলি জোনমণিয়ে ৰাভাই অভিযোগ তুলি জে’ললৈ প্ৰেৰণ কৰিছিল।
আনহাতে, ৰাণাৰ বিৰুদ্ধে উত্থাপিত হৈ আছিল বহু প্ৰৱঞ্চনাৰ অভিযোগ। ৰাণা জেললৈ যোৱাৰ পিছত SI জোনমণি ৰাভাৰ বিৰুদ্ধেও উত্থাপিত হৈছে প্ৰৱঞ্চনাৰ গোচৰ।মাজুলীৰ অৱতাৰ শৰ্মা আৰু অজিত বৰা নামৰ দুগৰাকী ঠিকাদাৰে জোনমণিৰ বিৰুদ্ধে উত্থাপন কৰিছে প্ৰৱঞ্চনাৰ গোচৰ। জোনমণি আৰু প্ৰৱঞ্চিত ঠিকাদাৰৰ মাজত ম’বাইলত হোৱা ধনৰ লেনদেনৰ এক কল ৰেকৰ্ডিঙো ইতিমধ্যে ভাইৰেল হৈ পৰিছে।
ইয়াৰ পিছতে নগাঁৱৰ আৰক্ষী অধিক্ষকে সাংবাদিকৰ আগত মন্তব্য কৰে যে, “প্ৰমাণ পালে জোনমণি ৰাভাৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আমি সাঁজু। আৰক্ষী বিষয়া হ’ল বুলিয়ে কাকো ৰেহাই দিয়া ন’হব। কিন্তু বৰ্তমানলৈকে আমি কোনো অভিযোগ পোৱা নাই আৰু অডিঅ’ ৰেকৰ্ডিঙক প্ৰমাণ হিচাপে আদালতে গণ্য নকৰে। তথাপিও মাজুলী আৰক্ষীক আমি পূৰ্ণ ৰূপত সহযোগ কৰিম।”
ইফালে জোনমণি ৰাভাৰ একাউণ্টৰ মাধ্যমেৰে ধনৰ লেনদেন হোৱাৰ তথ্য প্ৰকাশ পাইছে। জোনমণিৰ একাউণ্টত প্ৰদান কৰিছিল বহু ধন। জোনমণিয়ে ভাৱি স্বামী ৰাণা প’গাগৰ লগ লাগি প্ৰায় কোটিৰ ঘৰত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এনে অভিযোগ, বিতৰ্কৰ মাজতে বৃহস্পতিবাৰে তাৎক্ষণিকভাৱে নগাঁৱৰ পৰা বদলি কৰা জোনমণি ৰাভাই কলিয়াবৰত যোগদান কৰিছে।