‘কা’ আন্দোলনৰ সময়তে আলফাত যোগদান কৰা তিনিচুকীয়াৰ বৰডুমচাৰ আছু নেতা বিজু গগৈক আলফাই মৃত্যুদণ্ড বিহা নাই, বিজু গগৈ ওৰফে লেন্স কৰ্পৰেল ভাগ্য অসমে ২১ ফেব্ৰুৱাৰীৰ নিশা ১২-১৫ বজাত নিজৰ শুৱা কোঠাত বন্দুকেৰে মূৰত গুলীয়াই আত্মহত্যা কৰিছিল। আলফা (স্বাধীন) এ প্ৰেৰণ কৰা এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে। এই সন্দৰ্ভত বিজু গগৈয়ে আত্মহত্যাৰ পূৰ্বে লিখি থৈ যোৱা এক টোকাও প্ৰেৰণ কৰিছে। বিবৃতিত প্ৰকাশ কৰা হৈছে যে, বিজু গগৈয়ে হীনমন্যতাত ভূগি আত্মহত্যা কৰিছে। তেওঁ সকলোৰে মৰমৰ, অমায়িক, মেধা সম্পন্ন আৰু সংগঠনৰ প্ৰতি আনুগত্যশীল সহযোদ্ধা আছিল। বিজু গগৈৰ মৃত্যুত আলফা দুঃখিত আৰু মৰ্মাহত হোৱাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে।
তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্তোষ লামাই প্ৰকাশ কৰা অনুসৰি আলফাই বিজু গগৈ ওৰফে ৰুমেল অসমক মৃত্যুদণ্ড দিছে। ইয়াৰ উপৰিও সংগঠনটোৱে এক ডজনৰো অধিক যুৱকক মৃত্যুদণ্ড দিছে। এই সন্দৰ্ভত তেওঁ কেইবাজনৰো নাম প্ৰকাশ কৰিছিল। এই খবৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে কেইদিনমান পূৰ্বে দুজনকৈ যুৱকক চোৱাংচোৱাগিৰি কৰাৰ অপৰাধত মৃত্যুদণ্ড দিয়াকলৈ আলফাক ৰাজ্যজুৰি সমালোচনা কৰাৰ সময়তে, বিজু গগৈৰ ঘটনাই যেন পুনৰ আলফাৰ প্ৰতি মানুহৰ ধাৰণা সলনি কৰিলে। ইয়াৰ সমান্তৰালকৈ বিভিন্ন সামাজিক মাধ্যমত আলফাক সাধাৰণ ৰাইজে চোকা সমালোচনা কৰিছে।