ইফালে দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ বিৰুদ্ধেও অব্যাহত আছে প্ৰতিবাদ। এই প্ৰতিবাদকো নেওচি ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই এতিয়াও শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হৈ আছে। তেওঁ পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ পৰিৱৰ্তে এই সপ্তাহৰ ভিতৰতে দেশখনত নতুন প্ৰধানমন্ত্ৰী আৰু কেবিনেট নিযুক্তি দিব বুলি ঘোষণা কৰিছে। দেশখনত সাংবিধানিক সংস্কাৰ প্ৰৱৰ্তন কৰিবলৈ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে সাজু হৈছে। ৰাষ্ট্ৰক সম্বোধন কৰি ৭২ বছৰীয়া গোটাবায়াই কয় যে, নতুন প্ৰধানমন্ত্ৰী আৰু চৰকাৰ নিযুক্তিৰ পিছত সংবিধানৰ ১৯ তম সংশোধনীৰ বিষয়বস্তু প্ৰস্তুত কৰাৰ বাবে এক সাংবিধানিক সংশোধনী উত্থাপন কৰা হ’ব। যিয়ে সংসদক অধিক ক্ষমতা প্ৰদান কৰিব।
গোটাবায়াই কয়, “মই যুৱ মন্ত্ৰীসভা নিয়োগ কৰিম য’ত ৰাজপাক্ষে পৰিয়ালৰ কোনো সদস্য নাথাকিব। তেওঁ দেশখনক বিশৃংখল পৰিস্থিতিত উপনীত হোৱাত বাধা দিবলৈ ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনা আৰম্ভ কৰিছে। সাংবিধানিক নীতি অনুসৰি ৰাষ্ট্ৰপতিয়ে কেবিনেট দেশ চলাই আছে যদিও শীঘ্ৰেই চৰকাৰ গঠন নহলে শ্ৰীলংকা সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব বুলি ইতিমধ্যে প্ৰকাশ পাইছে।