বৃহস্পতিবাৰে দেশজুৰি CBIয়ে এন জি অ’ৰ বিৰুদ্ধে চলোৱা অভিযানত উন্মোচিত হৈছে ভয়ংকৰ কেলেংকাৰী। দেশৰ মুঠ ৪০ টা স্থানত চলা এই অভিযানত ১৪ জনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰা হৈছে প্ৰায় ৩.২১ কোটি টকা।
দেশৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীৰ এটা স্থানতো চি বি আইয়ে চলালে অভিযান। গুৱাহাটীৰ NAYI ROSHNI FOUNDATION নামৰ এন জি অ’টোত চলিছিল চি বি আইৰ অভিযান। এই এন জি অ’টোৱে বানপানীত ক্ষতিগ্ৰস্তক সাহায্য প্ৰদানৰ লগতে অন্যান্য কিছুমান ক্ষেত্ৰত সাহায্য প্ৰদান কৰি আহিছে বুলি এন জি অ’টোৰ শীৰ্ষ বিষয়াই সাংবাদিকৰ আগত অৱগত কৰিছে।
উল্লেখ্যে যে, দেশৰ এন জি অ’সমূহে বিদেশী পুঁজি সংগ্ৰহ কৰি আহিছে আৰু এনেধৰণৰ বিদেশী পুঁজি সংগ্ৰহৰ বাবে তেওঁলোকক প্ৰয়োজন হয় বিভিন্ন ধৰণৰ নথি-পত্ৰ। এই নথি-পত্ৰসমূহ সময়ে সময়ে নবীকৰণ কৰাটো প্ৰয়োজন আৰু এই নথি-পত্ৰ নবীকৰণ কৰাৰ সময়তে সংঘটিত হৈ আহিছে ভয়ংকৰ জালিয়াতি।
NGO’সমূহক গৃহ মন্ত্ৰালয়ৰ পৰা বিভিন্ন নথি-পত্ৰ নবীকৰণৰ নামত চলি অহা জালিয়াতিত এক শক্তিশালী চক্ৰ জড়িত হৈ থকাৰ প্ৰমাণ পোৱা গৈছে। এই শক্তিশালী চক্ৰটোৰ উৎখাত কৰিবলৈয়ে CBIয়ে চলাইছে দেশজুৰি অভিযান।