৫ বছৰীয়া শিশু এটাও জটিল ৰোগত ভুগি আছে। আপুনি জানেনে, ভাৰতক “বিশ্বৰ ডায়েবেটিচৰ ৰাজধানী” বুলি কোৱা হয়। কিন্তু, সমগ্ৰ বিশ্বতে ডায়েবেটিচ থকা শিশুৰ সংখ্যাও লেহেম গতিত বৃদ্ধি পাইছে। এইটো স্বাস্থ্য বিশেষজ্ঞসকলৰ বাবে চিন্তাৰ কাৰণ। পৰিসংখ্যা অনুসৰি, ৫ ৰ পৰা ২০ বছৰ বয়সৰ ভিতৰত বিশ্বজুৰি প্ৰায় ১.১ নিযুত শিশু বৰ্তমান ডায়েবেটিচ ৰোগত ভুগি আছে। প্ৰতি বছৰে প্ৰায় ১ লাখতকৈঅধিক শিশু প্ৰথম প্ৰকাৰ ডায়বেটিচত ভুগে।
বিশেষজ্ঞসকলে জনোৱা অনুসৰি, শিশুসকল সাধাৰণতে প্ৰথম প্ৰকাৰ ডায়বেটিচত ভোগে। কিন্তু, কিছু ক্ষেত্ৰত, শিশুও দ্বিতীয় প্ৰকাৰ ডায়বেটিচৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে। যদি আপুনি শিশুসকলৰ জীৱনশৈলীত কিছুমান বিশেষ পৰিৱৰ্তন লক্ষ্য কৰে, তেনেহ’লে চিকিৎসকৰ পৰামৰ্শৰ সৈতে লগে লগে চিকিৎসা আৰম্ভ কৰিব লাগে। চিকিৎসক সকলে জনোৱা অনুসৰি অনিয়ন্ত্ৰিত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাস, ব্যায়ামৰ অভাৱৰ বাবে শিশু সকলেও ডায়েবেটিছত ভুগিব পাৰে।
আপুনি শিশু সকলৰ দেহত ডায়েবেটিচ ৰোগ হোৱা বুলি কেনেকৈ গম পাব?
তলত উল্লেখ কৰা লক্ষণ বোৰ যদি আপুনি শিশু সকলৰ দেহত দেখা পায়, তেন্তে আপুনি নিশ্চিত হব যে আপোনাৰ শিশুটোও ডায়েবেটিচ ৰোগত ভুগি আছে।
১) শিশুসকল সাধাৰণতে চঞ্চল প্ৰকৃতিৰ হয়। প্ৰায় সকলোৰে শক্তিৰ স্তৰ অতি উচ্চ। কিন্তু, শিশুৰ সদায় ভাগৰ, দুৰ্বলতা আদি থাকিলে সাৱধান হোৱা উচিত।
২) ব্যায়াম কৰাৰ পিছতো, কেঁচুৱাটোৰ যদি সোনকালে ওজন হ্ৰাস কৰিছে? এয়াও ডায়েবেটিচৰ লক্ষণ। গতিকে, লগে লগে চিকিৎসকৰ পৰামৰ্শ লওঁক।
৩) সঘনাই ভোক লগা, ডিঙি শুকান হোৱা আৰু সঠিকভাৱে টোপনি নোযোৱাও শিশুৰ ক্ষেত্ৰত ডায়েবেটিচৰ লক্ষণ হব পাৰে। গতিকে, লগে লগে চিকিৎসকৰ পৰামৰ্শ লওঁক।
৪)আপোনাৰ শিশুটিয়ে সঘনাই প্ৰস্ৰাৱৰ সমস্যাৰ সন্মুখীন হৈছে নেকি? সাধাৰণতে অত্যাধিক পানী খোৱাৰ ফলতো এই সমস্যাটো দেখা যায়। কিন্তু, যদি আপোনাৰ এই লক্ষণবোৰ দীঘলীয়া সময়ৰ বাবে থাকে, তেন্তে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওঁক।
৫) যদি আপোনাৰ শিশুটিয়ে ডায়েবেটিচত ভুগি আছে, তেন্তে আপোনাৰ চকুৰ সমস্যা হ’ব। যদি শিশুৱে চকুৰে অস্পষ্ট দেখা পায়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওঁক।