প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অৰ্থাৎ সোমবাৰে উপস্থিত হয়গৈ নেপালত। ভাৰতীয় বায়ু সেনাৰ বিশেষ বিমানেৰে নেপালৰ লুম্বিনীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে মহামায়া মন্দিৰত পূজা–অৰ্চনা আগবঢ়ায়। মোদীক সংগ দিয়ে নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাই। উল্লখ্য যে, লুম্বিনী নেপালৰ বুদ্ধ ধৰ্মৰ আটাইতকৈ পৱিত্ৰ স্থানৰ ভিতৰত এখন। মোদীয়ে লুম্বিনী বৌদ্ধ বিহাৰ ক্ষেত্ৰত বৌদ্ধ সংস্কৃতি আৰু ঐতিহ্য ক্ষেত্ৰৰ আধাৰশিলাও স্থাপন কৰে।
I feel blessed to have prayed at the Maya Devi Temple on Buddha Purnima. May Lord Buddha bless us all and make our planet peaceful and prosperous. pic.twitter.com/hLJhZlHNL1
— Narendra Modi (@narendramodi) May 16, 2022
প্ৰধানমন্ত্ৰী মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাৰ আমন্ত্ৰণ মৰ্মে লুম্বিনীত উপস্থিত হৈছে। ২০১৪ চনত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পিছত নৰেন্দ্ৰ মোদীৰ এয়া পঞ্চমটো নেপাল ভ্ৰমণ।