ক’ৰোনাৰ ভয়াবহ সংক্ৰমণৰ পিছত এইবাৰ চৰ্চাত আছে টমেট’ ফ্লু। ক’ৰোনা মহামাৰীৰ দ্বাৰা বিধ্বস্ত কেৰালাত টমেট’ ফ্লুৰ প্ৰাদুৰ্ভাৱৰ ফলত স্বাস্থ্য খণ্ডত উদ্বেগ বৃদ্ধি পাইছে। এই সংক্ৰমণ লাহে-লাহে কেৰালাৰ কেইবাখনো জিলালৈ বিয়পি পৰিছে। এই ৰোগ প্ৰধানকৈ শিশুৰ শৰীৰত হয়। শৰীৰত জ্বৰ আৰু দেহত পানীৰ ফোঁহা হোৱাৰ লক্ষণ দেখা যায়।
কেৰালাৰ কোল্লামত সংক্ৰমণ কেনেদৰে বিয়পি পৰিছিল, তাক পৰ্যবেক্ষণ কৰিবলৈ ৰাজ্যিক স্বাস্থ্য বিভাগে এক বিশেষ নিৰীক্ষণ দল গঠন কৰিছে। অংগনৱাড়ী কৰ্মীসকলে সংক্ৰমিত হোৱা পাঁচ বছৰৰ তলৰ শিশুৰ গতি-বিধি নিৰীক্ষণ কৰি থকাৰ লগতে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে এক সৰ্বভাৰতীয় প্ৰেছ বিজ্ঞপ্তিত কয়, “আমি গাওঁসমূহত নিৰীক্ষণ দল গঠন কৰিছো। মই স্বাস্থ্যকৰ্মীসকলক এক সজাগতা অভিযানৰ বাবে পঠিয়াইছো। যিবোৰ এলেকাত সংক্ৰমণ বিয়পি বৃদ্ধি হৈছে, তাৰ শিশুসকলক পৃথক কৰা হৈছিল।”
তামিলনাডু আৰু কৰ্ণাটক ৰাজ্যতো টমেট’ ফ্লুক লৈ সৰ্তকতা জাৰি কৰিছে। লক্ষণীয় যে, কেৰালা-তামিলনাডু সীমান্তৰ কাষৰ আৰিয়ানকাভু, নেৰুভাটুৰ গাঁৱত প্ৰথম টমেট’ ফ্লু ধৰা পৰিছিল। তাৰ পাছতেই ই আন আন ঠাইতো বিয়পি পৰিছিল। ৬ মে’ত, এৰিয়ানকাভুত প্ৰথমে এটা চাৰি বছৰীয়া শিশুৰ টমেট’ ফ্লু সংক্ৰমণ হোৱা দেখা গৈছিল। প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছে যে, যিবোৰ এলেকাত সংক্ৰমণ বৃদ্ধি পাইছে, সেই ঠাইবোৰত পূৰ্বতে ডেংগু আৰু চিকুনগুনিয়া দেখা গৈছিল।