বুধবাৰৰ পৰা পুনৰ চলাচল কৰিব মাজুলী নিমাতীৰ মাজত ফেৰী । বুধবাৰৰ পুৱা ৮ বজাত অফলামুখৰ পৰা নিমাতীলৈ চলিল প্ৰথমখন ফেৰী । ইয়াৰ লগতে অন্য ঘাটসমূহৰ ফেৰীসমূহো চলাচল আৰম্ভ হ’ব আজিৰে পৰা ।
উল্লেখ্য যে, দেওবাৰৰ পৰা বন্ধ হৈ আছিল মাজুলী নিমাতীৰ মাজৰ ফেৰী সেৱা। ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি পোৱাত মাজুলী জিলা প্ৰশাসনে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিছিল মাজুলী নিমাতী সংযোগী ফেৰী সেৱা ।
- বিগত কেবাদিনো ধৰি ধাৰাসাৰ বৰষুণ হোৱাৰ বাবে ফেনে-ফুটুকাৰে বৃদ্ধি পাইছিল ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । যাৰবাবে মাজুলী জিলা প্ৰশাসনে তৎকালীনভাৱে গ্ৰহণ কৰিছিল এই সিদ্ধান্ত । মঙলবাৰে ব্ৰহ্মপুত্ৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পোৱাৰ বাবেই প্ৰশাসনে পুনৰ বুধবাৰৰ পৰা ফেৰী সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ।