বৃহস্পতিবাৰে যোৰহাট কাছাৰী ময়দানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা আয়োজন কৰা এক বৃহৎ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং উপস্থিত থাকিব। এই অনুষ্ঠানত অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত পাঁচ লাখ হিতাধিকাৰীলৈ আনুষ্ঠানিকভাৱে গৃহ আবণ্টন আৰু পুঁজি প্ৰদান কৰা হ’ব। অনুষ্ঠানত পঞ্চায়ত, গ্ৰামোন্নয়ন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস, সাংসদ তপন গগৈ, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীকে ধৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব।
প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত যোৰহাট জিলাত প্ৰায় ১২ হাজাৰ হিতাধিকাৰীক গৃহ আবণ্টন দিয়া হৈছে। সমগ্ৰ অসমতে আবন্তন দিয়া পাঁচ লাখ দহ হাজাৰ হিতাধিকাৰীক একোটা গৃহ নিৰ্মাণৰ বাবে ১ লাখ ৩০ হাজাৰ টকাকৈ দিয়া হ’ব। ইয়াৰে প্ৰথম কিস্তিত ৩২,৫০০টকা, দ্বিতীয় কিস্তিত ৪৮,৭৫০ টকা আৰু তৃতীয় কিস্তিত ৪৮,৭৫০ টকা প্ৰদান কৰা হ’ব। ইয়াৰ লগতে হিতাধিকাৰীসকলক এমজিএনৰেগাৰ অধীনত দৈনিক ২২৯ টকা মজুৰি হিচাপে ৯৫ দিনত ২১,৭৫৫ টকাৰ মজুৰি প্ৰদান কৰা হ’ব।