জাপানৰ টকিঅ’ত আৰম্ভ হ’ল কোৱাড সন্মিলন। চাৰিখন দেশৰ ৰাষ্ট্র নেতা উপস্থিত থকা সন্মিলনখনৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদীও উপস্থিত আছে।
তিনিওগৰাকী ৰাষ্ট্র নেতাৰ সৈতে আলোচনাত বহিব ভাৰতৰ প্ৰথমমন্ত্ৰী নৰেন্দ্ৰ মোদী।
আজি মাৰ্কিন ৰাষ্ট্রপতি জ’ বাইডেন আৰু জ পানৰ প্রধানমন্ত্রীৰ সৈতে নৰেন্দ্র মোদী বৈঠকত বহাৰ উপৰিও অষ্ট্রেলিয়াৰ প্রধানমন্ত্রীৰ সৈতেও তেওঁ বৈঠকত বহিব। তদুপৰি জাপানৰ শীৰ্ষ উদ্যোগপতিৰ সৈতেও ভাৰতৰ প্রধানমন্ত্রীগৰাকী আলোচনাত বহাৰ কথা। প্ৰবাসী ভাৰতীয়ৰেও মত বিনিময় কৰিব প্রধানমন্ত্রীয়ে।