মধ্য কাশ্মীৰৰ বাডগাম জিলাৰ চাদুৰাত সন্ত্ৰাসবাদীয়ে বুধবাৰে সন্ধিয়া গুলীচালনা কৰি এগৰাকী অভিনেত্ৰীক হত্যা কৰে। তদুপৰি এই আক্ৰমণত অভিনেত্ৰীগৰাকীৰ ভতিজাক আহত হয়। সন্ধিয়া প্ৰায় ৭.৫৫ বজাত ঘৰৰ বাহিৰত গুলীয়াই হত্যা কৰা হয় আমৰীন ভাট নামৰ টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীক।
আমৰীনৰ কণমানি ১০ বছৰীয়া ভতিজাকৰ বাহুত গুলী লাগি আঘাতপ্ৰাপ্ত হয় যদিও তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। এই আক্ৰমণৰ আঁৰত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তইবা জড়িত আছে বুলি জম্মু-কাশ্মীৰ আৰক্ষীয়ে সন্দেহ কৰিছে। আঘাতপ্ৰাপ্ত অমৰীনক ততাতৈয়াকৈ ওচৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও তেওঁ মৃত্যুমুখত পৰে।
নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনটোৰ তিনিটা সন্ত্ৰাসবাদী জড়িত আছিল এই জঘন্য কাণ্ডত। বৰ্তমান সমগ্ৰ এলেকাটো ঘেৰাও কৰি তালাচী আৰম্ভ কৰা হৈছে।