দেশবাসীক গৌৰৱান্বিত কৰি সাহিত্যৰ অস্কাৰ হিচাপে খ্যাত আন্তৰাষ্ট্ৰীয় বুকাৰ সন্মান আজুৰি আনিলে এগৰাকী ভাৰতীয় সাহিত্যিকে। সাহিত্যিক গীতাঞ্জলী শ্ৰীয়ে ‘Tomb of Sand’ উপন্যাসখনৰ বাবে ২০২২বৰ্ষৰ বুকাৰ সন্মান লাভ কৰে। উল্লেখ্য যে, হিন্দী উপন্যাসৰ বাবে এয়াই হৈছে প্ৰথমটো বুকাৰ সন্মান।
Tomb of Sand’ উপন্যাস খন হৈছে হিন্দীৰ ‘ৰেট সমাধি’ৰ ইংৰাজী অনুবাদ। আনহাতে এই সন্মান লাভ কৰাৰ পাছতে সাহিত্যিকগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- এয়া মোৰ বাবে বিৰল প্ৰাপ্তি। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ অনুৰাগীয়েও যেতিয়া মনৰ ভাৱ বুজি পাই ইমান প্ৰশংসাৰে উপচাই পেলায় তাক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি।
তেওঁ কয়- মই কেতিয়াবা বুকাৰ সন্মান লাভ কৰিম বুলি সপোন দেখা নাছিলো বা কল্পনাও কৰা নাছিলো। মোৰ বাবে এয়া সপোন সপোন যেন লগা এক অনুভৱ।