অসম চৰকাৰে শেহতীয়াকৈ বিজ্ঞাপন দিয়া তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে অফলাইন আবেদন কৰা বা অনলাইন আবেদন কৰিবলৈ ইচ্ছুক আবেদনকাৰীসকলৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে অহা শনিবাৰে আৰু দেওবাৰে অৰ্থাৎ ২৮ আৰু ২৯ মে’ত অসমৰ সকলো নিয়োগ বিনিময় কেন্দ্ৰ খোলা থাকিব বুলি সংশ্লিষ্ট পক্ষৰ পৰা জানিবলৈ দিছে। নিযুক্তি কাৰ্যালয়ৰ তৰফৰ পৰা পঞ্জীয়ন নম্বৰ জাৰী কৰাটো বাধ্যতামূলক কৰাৰ বাবে আৰু পৰ্টেলত তাৰ নিৰ্ধাৰিত সময় ৰখাৰ বাবেহে এই বিশেষ ব্য়ৱস্থাটো উপলব্ধ কৰা হৈছে। এই সুবিধাটো কেৱল সেই সকল প্ৰাৰ্থীৰ ক্ষেত্ৰত প্ৰযোজ্য যাৰ আধাৰ আৰু এন আৰ চি সম্পৰ্কীয় সমস্যাৰ বাবে অসুবিধাৰ সৃষ্টি হৈছে।
তেওঁলোকে সকলো ধৰণৰ সহায় আৰু প্ৰয়োজনীয় সহযোগিতাৰ বাবে সংশ্লিষ্ট নিযুক্তি বিনিময়ৰ সৈতে যোগাযোগ কৰিব পাৰে বুলি অসমৰ ৰীহাবাৰীস্থিত নিয়োগ বিনিময় কেন্দ্ৰৰ সঞ্চালকে এক ৰাজহুৱা জাননী জাৰি কৰিছে।