অসম চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকাই শুকুৰবাৰে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ চাহ বাগিচা অঞ্চলত নিৰ্মাণ কৰা তিনিখন বিদ্যালয় ক্ৰমে দক্ষিণহেঙ্গেৰা, ভূলুকিটিং আৰু শালমৰা চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন কৰে।দক্ষিণহেঙ্গেৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ পৰা প্ৰায় দুবছৰ আগতে বিজেপি চৰকাৰৰ দিনতে অসমৰ চাহ বাগিচা অঞ্চলত ১১৯ খন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছিল । ইয়াৰে ৯৬ খনৰ উদ্বোধন সম্পূৰ্ণ হ’ল আৰু ১৭ খন স্কুলৰ কাম সোনকালেই শেষ হ’ব।
Inaugurated the Model High School in Dakhinhengera Tea Garden,Khumtai in line with our HCM @himantabiswa sir’s pathbreaking initiative of transforming the educational environment across the tea gardens.
Hon’ble MP Shri @KamakhyaTasa & Hon’ble MLA Shri @Mrinal_MLA were present. pic.twitter.com/Al6FYeeBU3— Pijush Hazarika (Modi ka Parivar) (@Pijush_hazarika) May 27, 2022
তেওঁ কয় যে আধাৰশিলা স্থাপন কৰিবলৈ ভাল লাগে, কিন্তু নিজে আধাৰশিলা স্থাপন কৰা অনুষ্ঠানটো যদি উদ্বোধন কৰাৰ সুযোগ পোৱা যায় তাতকৈ সুখৰ কথা আন একো নাই। বিদ্যালয় আধাতে এৰা ল’ৰা-ছোৱালী যিমান হ’ব সিমানেই সমাজখন অন্ধকাৰ হৈ গৈ থাকিব। এই বিদ্যালয়সমূহত বৃহৎসংখ্যক বিদ্যালয় আধাতে এৰা ল’ৰা-ছোৱালীয়ে নামভৰ্তি কৰিছে বুলি সন্তুষ্টি প্ৰকাশ কৰি কয় যে শিক্ষাৰ অবিহনে আমি একো কৰিব নোৱাৰোঁ, ছাইনবোৰ্ড এখন পঢ়িব নজনা মানুহে শুদ্ধ পথ কেনেকৈ উলিয়াব, পঢ়া-শুনা নাজানিলে খেতিয়ক এজনে কোনটো বীজ ভাল সেয়া কেনেকৈ নিৰ্ধাৰণ কৰিব, উপযুক্ত প্ৰশিক্ষণ নহ’লে দক্ষতাৰে কাম কেনেকৈ কৰিব।চৰকাৰে চাহ বাগিচা অঞ্চল আৰু চাহ জনগোষ্ঠীৰ লোকসকলক আগবঢ়াই নিয়াৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত বহু আঁচনি গ্ৰহণ কৰাৰ লগতে বাগিচাত বিদ্যালয় আধাতে এৰা ল’ৰা-ছোৱালী নথকাটো সুনিশ্চিত ক ৰা হ’ব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে অসমৰ বাগিচা অঞ্চলত আৰু ২০০ খন নতুন বিদ্যালয় স্থাপন কৰা হ’ব।
তিনিওটা অনুষ্ঠানতে মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থকা সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয় যে এইসমূহ বিদ্যালয় কেৱল চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ বাবেই নহয়, সকলো ল’ৰা-ছোৱালীৰ বাবেই মুকলি আছে। ব্ৰিটিছৰ সময়ৰ পৰাই চাহ বাগিচা অঞ্চলত কোনো হাইস্কুল নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এইসমূহ বিদ্যালয়ে অঞ্চলটোৰ ল’ৰা-ছোৱালীক মানুহ কৰাৰ গুৰুদায়িত্ব পালন কৰিব।