আজি তেজপুৰত অনুষ্ঠিত হব অসম চৰকাৰৰ কেবিনেট বৈঠক। হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত এইখন হৈছে প্ৰথমখন কেবিনেট। ইফালে দিছপুৰত বাহিৰত অনুষ্ঠিত হোৱা বৈঠক সমূহৰ ভিতৰত এইখন হৈছে চতুৰ্থখন কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ বাবে ইতিমধ্যে জিলাখন আটকধুনীয়াকৈ সজাই তোলা হৈছে।
ইফালে বৈঠকৰ পূৰ্বে বিত্তমন্ত্ৰী অজন্তা নেওগে ঘোষণা কৰিছে যে, মুখ্যমন্ত্ৰীৰ মুখেৰে শুনিব তেজপুৰৰ উন্নয়নৰ ভাল লগা কথা। আজিৰ বৈঠকত তেজপুৰৰ লগতে ৰাজ্যৰ অন্ত প্ৰান্তৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ৰাজ্য চৰকাৰে। এইদৰে ৰাজ্যৰ বিভিন্ন ঠাইত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্যৰ সম্পৰ্কত বিত্তমন্ত্ৰী গৰাকীয়ে কয়, ৰাজ্যৰ চুক কোণৰ প্ৰতিটো সমস্যা যাতে স্বচক্ষে বুজিব পৰা যাই তাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে৷