অসমৰ বাবে সুখবৰ! অসমৰ চাহিল দেই গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জনৰ দিশে আগবাঢ়িবলৈ সক্ষম হৈছে। ৪ জুনৰ পৰা ১১ জুনলৈকে ইটালীৰ কাটোলিকা চহৰত অনুষ্ঠিত হোৱা কাটোলিকা দবা প্ৰতিযোগিতাত (Cattolica Chess Festival) ৯ ৰাউণ্ডৰ পৰা ৬.৫ পইণ্ট সংগ্ৰহ কৰি অসমৰ চাহিলে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।
ইটালীৰ গ্ৰেণ্ডমাষ্টাৰ চাবিনো ব্ৰুনেলোই (Sabino Brunello) ৭ পইণ্টেৰে প্ৰথম স্থান আৰু জৰ্জিয়াৰ গ্ৰেণ্ডমাষ্টাৰ লেভান পেণ্টচুলাইয়াই ৬.৫ পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে। এই ফলাফলেৰে চাহিলে প্ৰথমটো গ্ৰেণ্ডমাষ্টাৰ নৰ্ম লাভ কৰে। আৰু দুটা নৰ্ম অৰ্জন কৰিলে আৰু ৰেটিং পইণ্ট ২৫০০ লৈ বৃদ্ধি কৰিলে গ্ৰেণ্ডমাষ্টাৰৰ খিতাপ অৰ্জন কৰিব। উল্লেখ্য যে, চাহিলৰ বৰ্ত্তমান ৰেটিং ২৩৬৬। চাহিলৰ এই কৃতিত্বৰ বাবে সদৌ অসম দবা সন্থা, গুৱাহাটী দবা সন্থা আৰু গুৱাহাটী দবা একাদেমীয়ে অভিনন্দন জনাইছে ।