পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ দিলে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে। প্ৰভিডেন্ট ফাণ্ড আৰু ইংক্ৰিমেন্ট পাবলৈ বেছিদিন নালাগে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিত কৰ্মচাৰীৰ। ৰঞ্জিত দাসে জানিবলৈ দিয়ে যে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিত কৰ্মচাৰী সকলক চুক্তি অনুসৰি কোনো ধৰণৰ স্থায়ীকৰন আৰু দৰমহা বৃদ্ধিৰ কথা চুক্তিত উল্লেখ নাই।
তথাপিও কৰ্মচাৰী সকলৰ প্ৰতি মানৱতাৰ দৃষ্টিভংগীৰে চাই তেওঁলোকক প্ৰভিডেন্ট ফাণ্ডৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এককালীন ইংক্ৰিমেন্টৰ ব্যৱস্থা কৰিছে। মন্ত্ৰী ৰঞ্জিত দাসৰ দায়িত্বত থকাৰ সময়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৮ হাজাৰ কৰ্মচাৰীক প্রভিডেন্ট ফাণ্ডৰ ব্যৱস্থা কৰিছিল যি সুবিধা আগন্তুক দিনত লাভ কৰিব। প্ৰভিডেন্ট ফাণ্ড জমাৰ বাবে কৰ্মচাৰী সকলৰ দৰমহাৰ পৰা দুই হাজাৰ টকাকৈ কমিব পাৰে, সেইবাবে ইংক্ৰিমেন্টৰ ব্যৱস্থা কৰি সেই দৰমহা নকমাৰ ব্যৱস্থা কৰিবলৈ গুণাগঁথা কৰিছে বিভাগীয় কৰ্তৃপক্ষই।