বৃহস্পতিবাৰেও হ’ব পাৰে ৰাজ্যত প্ৰৱল বৃষ্টিপাত! গুৱাহাটীৰ আজাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৃহস্পতিবাৰৰ দিনটো সমগ্ৰ ৰাজ্যজুৰি ৰেড এলাৰ্ট জাৰি কৰিছে। কেন্দ্ৰৰ লগতে ৰাজ্যৰ প্ৰশাসনে অপ্ৰয়োজনত কোনো লোককে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে।
উল্লেখ্য যে, কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই ১৭ জুনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত ৰেড এলাৰ্ট জাৰি কৰি থৈছে। বতৰ বিজ্ঞানে কেন্দ্ৰই পূৰ্বেই উত্তৰ পূৰ্বাঞ্চলত ১৩ জুনৰ পৰা প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছিল। সেই বিষয়ত জাৰি কৰা জাননীতে ১৭ তাৰিখলৈ প্ৰৱল বৃষ্টিপাত অব্যাহত থাকিব বুলি ঘোষণা কৰাৰ পিছতেই ১৩ জুন সোমবাৰে নিশাৰে পৰা গুৱাহাটী তথা অসমত প্ৰৱল বৃষ্টিপাত হৈছে। গুৱাহাটী মহানগৰীত এনে ধাৰাসাৰ বৰষুণে জন জীৱন স্তব্ধ কৰি তোলাৰ লগতে কেইবাজনো লোকৰ প্ৰাণ কাঢ়িলে।
সোমবাৰে ঠাইভেদে ২৪ ঘণ্টাত ১০০ মিলিমিটাৰ পৰা ৩০০ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হোৱা বুলি প্ৰকাশ পাইছে। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰ, বৃহস্পতিবাৰ আৰু শুকুৰবাৰৰ বাবে অসম আৰু মেঘালয়ত ৰেড এলাৰ্ট জাৰি কৰিছে। আনহাতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ বাবে ১৭ জুনলৈকে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইয়াৰ মাজতে পুনৰ গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৃহস্পতিবাৰে ৰেড এলাৰ্ট জাৰি কৰাৰ বিষয়টোৱে পৰিস্থিতি জটিল হোৱাৰ ইংগিত বহন কৰিছে।