ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মূ ৰাষ্ট্ৰপতি পদৰ বাবে বিজেপিৰ মনোনীত প্ৰাৰ্থী। ১৮ জুলাইত হ’বলগীয়া নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টী (BJP)য়ে ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। মঙলবাৰে দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত সংসদীয় ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত কৰাৰ পিছতে দলটোৱে মুৰ্মুৰ নাম ঘোষণা কৰে। সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ , বিজেপিৰ সভাপতি জে পি নাড্ডা আদি উপস্থিত থাকে। উত্তৰ প্ৰদেশৰ পৰা দলিত নেতা ৰামনাথ কোবিন্দৰ পিছত পূব ভাৰতৰ ওড়িশাৰ পৰা জনজাতীয় মুৰ্মূক বাছি লৈ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিয়ে যেন এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক বাৰ্তা প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি পদৰ বাবে দ্ৰৌপদী মুৰ্মুৰ নাম চুড়ান্ত হোৱাৰ পিছতে অভিনন্দন জনায়। ২০১৫ চনৰ পৰা ২০২১ চনলৈ ঝাৰখণ্ডৰ ৰাজ্যপাল আছিল দ্ৰৌপদী মুৰ্মু।
ৰাষ্ট্ৰপতি পদৰ বাবে বিজেপিৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূৰ বিষয়ে কিছু কথা জানো আহকঃ
- ৰাষ্ট্ৰপতি নিৰ্বাচিত হলে, মুৰ্মূ ভাৰতৰ প্ৰথম জনজাতীয় ৰাষ্ট্ৰপতি আৰু দ্বিতীয় মহিলা ৰাষ্ট্ৰপতি হ’ব। উৰিষ্যাৰ ময়ূৰভঞ্জ জিলাৰ বাসিন্দা, মুৰ্মূৱে ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে শিক্ষক হিচাপে আৰম্ভ কৰিছিল।
- তেওঁ ময়ূৰভঞ্জৰ ৰায়ৰংপুৰৰ পৰা (২০০০ আৰু ২০০৯) বিজেপিৰ টিকটত দুবাৰ বিধায়ক আছিল।
- পাঁচ বছৰৰ আগতে ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ৰাষ্ট্ৰপতি ভৱন এৰিবলৈ সাজু হোৱাৰ সময়ত দ্ৰৌপদী মুৰ্মূক প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দী হিচাপে গণ্য কৰা হৈছিল
- ২০০০ চনত শাসনলৈ অহা বিজেপি-বিজেডি মিত্ৰজোঁট চৰকাৰৰ সময়ত, তেওঁ বাণিজ্য আৰু পৰিবহন, আৰু পৰৱৰ্তী সময়ত, মীন পালন আৰু পশুপালন দপ্তৰৰ দায়িত্ব পালন কৰিছিল।
- তেওঁ ২০০৯ চনত জিকিবলৈ সক্ষম হৈছিল আনকি বিজেপিয়ে তেতিয়াৰ বিচ্ছিন্ন বিজেডিৰ দ্বাৰা প্ৰত্যাহ্বানৰ বিৰুদ্ধে খেলিছিল।
- ২০১৫ চনত, দ্ৰৌপদী মুৰ্মূয়ে ঝাৰখণ্ডৰ প্ৰথম মহিলা ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছিল।
- ব্যক্তিগত জীৱনত মুৰ্মূৱে বহুত দুখজনক ঘটনা দেখিছে, তেখেতৰ স্বামী শ্যাম চৰণ মুৰ্মু আৰু দুই পুত্ৰক তেওঁ ইতিমধ্যে হেৰুৱাইছে।
- বিধায়ক হোৱাৰ আগতে দ্ৰৌপদী মুৰ্মূৱে ১৯৯৭ চনত নিৰ্বাচনত জয়ী হোৱাৰ পিছত ৰায়ৰংপুৰ নগৰ পঞ্চায়তত কাউন্সিলাৰ হিচাপে আৰু বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।