NDAৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূৱে আজি সংসদ ভৱনত প্ৰধানমন্ত্ৰী মোদী, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী আৰু বিজেপি আৰু এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ উপস্থিতিত ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল কৰে। মনোনয়নৰ পূৰ্বে মুৰ্মূৱে সংসদত মহাত্মা গান্ধী, ড০ বি আৰ আম্বেদকাৰ আৰু বিৰচা মুণ্ডাৰ প্ৰতিমূৰ্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
উল্লেখ্য যে, ঝাৰখণ্ড মুক্তি মৰ্চাই প্ৰাৰ্থীসকলক সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত ল’বলৈ কাইলৈ ঝাৰখণ্ডৰ বিধায়ক আৰু সাংসদসকলৰ এখন বৈঠক আহ্বান কৰিছে।তদুপৰি, নীতিশ কুমাৰৰ জনতা দল (ইউনাইটেড), উৰিষ্যাৰ মুখ্যমন্ত্ৰী তথা বিজেডিৰ সভাপতি নবীন পাটনায়ককে ধৰি NDAৰ অংশীদাৰ, জগন মোহন ৰেড্ডীৰ নেতৃত্বত ৱাইএছআৰ কংগ্ৰেছেও মুৰ্মূৰ প্ৰাৰ্থিত্বৰ প্ৰতি সমৰ্থন ঘোষণা কৰিছে।