বিজেপিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা আৰু প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে আজি মঙলদৈৰ বানাক্ৰান্ত লোকসকলৰ কাষত উপস্থিত হয়। বন্যাৰ্তৰ সৈতে মত বিনিময় কৰাৰ লগতে ভালুকখোৱাপাৰাত মহিলা আৰু শিশুৰ মাজত বিতৰণ কৰে বস্ত্ৰ। বানে গৰকা বৃহত্তৰ ৰঙামাটি, ভালুকখোৱাপাৰাত বহু সংখ্যক মহিলাক কাপোৰ বিতৰণ কৰি সদৌ অসম মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই কয়- ”গুৰুজ্যোতি দাস আৰু মই যোৱা নিৰ্বাচনত গৰু হাৰা দিছোঁ, তথাপিতো ৰোৱা নাই, যিমান পাৰি হাঁহি গৈছোঁ কাম কৰি গৈছোঁ।”
উল্লেখ্য যে, বানপানীত ঘৰৰ সকলো বয়বস্তু এৰি এযোৰ কাপোৰেৰে মথাউৰিত আশ্ৰয় ল’বলগীয়া হোৱা মহিলা, শিশুসকলক এযোৰ কাপোৰ দিয়াৰ ব্যৱস্থা কৰে আঙুৰলতা ডেকাই।