‘মই সাধাৰণভাৱে মুখ্যমন্ত্ৰী হৈছিলো আৰু সাধাৰণভাৱেই মুখ্যমন্ত্ৰীৰ চকী এৰি যাম। মই কৃতজ্ঞ সেই সকলৰ ওচৰত যি সকলে মোক আস্থা আৰু বিশ্বাসত লৈ সমৰ্থন কৰিছিল’। এইদৰে এক আৱেগিত ভাষণ দি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পদবী এৰিলে উদ্ধৱ থাকৰে।
কাইলৈৰ পৰা মহাৰাষ্ট্ৰত নতুন ৰাজনীতি আৰম্ভ হ’ব। উদ্ধৱ থাকৰে যাক সংগী কৰি চৰকাৰ গঠন কৰিছিল সেই সংগীয়ে তেওঁক বিশ্বাসঘাটকতা কৰিলে। পদত্যাগৰ পূৰ্বে মহাৰাষ্ট্ৰবাসীক সম্বোধন কৰি উদ্ধৱ থাকৰে ক’লে ৰাজনৈতিক বিশ্বাসঘাটকতাৰ বলি হৈছে তেওঁ।
উল্লেখ্য যে, ন্যায়ালয়ে আস্থা ভোটৰ সপক্ষে ৰায়দান কৰাৰ পাছতেই উদ্ধৱ থাকৰে মুখ্যমন্ত্ৰীৰ পদবী ত্যাগ কৰাৰ কথা ঘোষণা কৰে।