দেশৰ উচ্চতম ন্যায়ালয়ে বিজেপিৰ নিলম্বিত ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মাৰ ধৰ্মীয় অনুভূতিত আঘাত হনা মন্তব্যৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ন্যায়ালয়ে এই বিষয়টো পৰ্যবেক্ষন কৰি কয় যে- নুপুৰ শৰ্মাৰ মন্তব্য আছিল উচতনিমূলক। তেওঁ টেলিভিছন ষ্টুডিঅ’ত তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচৰা উচিত আছিল। নুপুৰ শৰ্মাই শান্তি বিঘ্নিত কৰিব পৰা মন্তব্য কৰিছিল। সেয়েহে তেওঁ কেমেৰাৰ সন্মুখত ক্ষমা বিচৰাৰ প্ৰয়োজন। নিলম্বিত বিজেপি মুখপাত্ৰ নুপুৰ শৰ্মা সন্দৰ্ভত এক আৱেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়ত আজি এই মন্তব্য কৰে দেশৰ উচ্চতম ন্যায়ালয়ে।
ন্যায়ালয়ে প্ৰশ্ন তুলিছে, তেওঁলোকে এনে মন্তব্য কিয় কৰাৰ প্ৰয়োজন? ইফালে নুপুৰ শৰ্মাৰ উকীলে তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছিল বুলি উচ্চতম ন্যয়ালয়ত অৱগত কৰাত ন্যায়ালয়ে কয় যে নুপুৰ শৰ্মাই টেলিভিছনত গৈ ক্ষমা বিচাৰিব লাগে।আনহাতে, উচ্চতম ন্যায়ালয়ে নুপুৰ শৰ্মাই তেওঁ কৰা বিতৰ্কিত মন্তব্য প্ৰত্যাহাৰ কৰাত যথেষ্ট পলম কৰা বুলি উল্লেখ কৰি কয় যে, নপুৰ শৰ্মাৰ দৰে ব্যক্তি ধৰ্মীয় লোক নহয়। তেওঁলোকে ধৰ্মীয় উত্তেজনা বৃদ্ধি কৰিবলৈ মন্তব্য কৰে। নুপুৰ শৰ্মাৰ আৱেদন সন্দৰ্ভত ন্যায়ালয়ে কয়, তেওঁৰ আৱেদনত অহংকাৰৰ গোন্ধ আছে। তেওঁ আবেদনখনৰ জৰিয়তে দেশৰ দণ্ডাধীশসকলক হেয় জ্ঞান কৰিবলৈ চেষ্টা কৰিছে বুলিও উল্লেখ কৰিছে।
উল্লেখ্য যে, নুপুৰ শৰ্মাই তেওঁৰ আবেদনত উল্লেখ কৰিছিল যে, যদিহে তেওঁ ধৰ্মীয় অনুভূতিত আঘাট কৰিছে তেন্তে চৰ্ত সাপেক্ষে তেওঁ কৰা মন্তব্য প্ৰত্যাহাৰ কৰিব।