মহাৰাষ্ট্ৰৰ নৱ মুখ্যমন্ত্ৰী একনাথ সিন্দেই আস্থা ভোটত জয়লাভ কৰিলে। আজি বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিলে সিন্দেই। দেওবাৰেই একনাথ সিন্দেৰ শিবিৰৰ পছন্দৰ অধ্যক্ষ জয়ী হয়। বিজেপিৰ বিধায়ক ৰাহুল নাৰভেকাৰে সহজতে সংখ্যাগৰিষ্ঠতা লাভ কৰি মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ নিৰ্বাচন হয়। ১৬৪টা ভোটত জয়ী হয় ৰাহুল নাৰভেকাৰ।
তাৰ পিছতে, আজি আস্থা ভোটত জয়লাভ কৰিলে শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেই। উল্লেখযোগ্য যে, বিগত বৃহস্পতিবাৰে সন্ধিয়া মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল সিন্দেই। উপ–মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল দেৱেন্দ্ৰ ফাৰনবিছে।