উৎকট গৰমে দহিছে দেশৰ কেইবাখনো ৰাজ্য। কিন্তু ইয়াৰ মাজতে মুম্বাইত বাৰিষাৰ বৰষুণে সংকত কঢ়িয়াই আনিছে। প্ৰৱল বৃষ্টিপাতৰ ফলত মুম্বাই বৰ্তমান পানীৰ তলত। সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে কেইবাটাও অঞ্চল। ৰাজপথ, ট্ৰেইন ষ্টেচন আদিও পানীৰে ভৰি পৰিছে। ইয়াৰ ওপৰত দৃষ্টি ৰাখিয়েই ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগন্তুক শুকুৰবাৰলৈ ওৰেঞ্জ এলাৰ্ট জাৰি কৰিছে মুম্বাইত
বতৰ বিজ্ঞান কেন্দ্ৰই মুম্বাইত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে বুলি দিয়া জাননীৰ পাছতেই মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী একনাথ সিন্দে প্ৰশাসনক সতৰ্কতা জাৰি কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে নদীৰ জলস্তৰৰ ওপৰতো লক্ষ্য ৰাখিবলৈ নিৰ্দেশ দিয়ে।