মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ বান পৰিস্থিতিৰ ওপৰত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে অসমৰ বান পৰিস্থিতিক “জটিল” বুলি ঘোষণা কৰিবলৈ গৃহমন্ত্ৰীগৰাকীক আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে লগতে SDRFৰ পৰা লাভ কৰা ৩২৭ কোটি টকাৰ উপৰি NDRFৰ ফাণ্ডৰ পৰাও টকা মুকলি কৰিবলৈ আহ্বান জনায় গৃহমন্ত্ৰী অমিত শ্বাহক। এন ডি আৰ এফৰ ফাণ্ডৰ পৰা আগতীয়া কিস্তি মুকলি কৰিবলৈ অনুৰোধ জনায়।
মুখ্যমন্ত্ৰীয়ে কয় যে বিশেষ পেকেজৰ কথা নাহে, ক্ষতিপূৰণ অনুসাৰে কেন্দ্ৰই সহায় কৰিব। মুখ্যমন্ত্ৰীয়ে ৩০ৰ পৰা ৫০ হাজাৰ লোকৰ ঘৰ ক্ষতিসাধন হোৱাৰ কথা উল্লেখ কৰি আগষ্টৰ ভিতৰত SDRFৰ টকাৰে সাহায্য দিয়াৰ কথা প্ৰকাশ কৰে। SDRFৰ একাউণ্টৰ ধন শেষ হ’লে NDRFৰ পৰা টকা পোৱাৰ আশা ব্যক্ত কৰে।