ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। শুকুৰবাৰে ৰাজ্যখনৰ ২৯৪ জন লোকৰ দেহত ধৰা পৰে ক’ৰনা সংক্ৰমণৰ অৱস্থিতি। ২৯৪ জন ক’ভিড আক্ৰান্তৰ ভিতৰত ৯২ জনেই হৈছে কামৰূপ মহানগৰ জিলাৰ।
বিগত ২৪ ঘণ্টাত ২,৬২৫ জন লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। দিনটোত আক্ৰান্তৰ হাৰ হৈছে ১১.২ শতাংশ। ৰাজ্যখনত সম্প্ৰতি এক্টিভ কেছ হৈছে ১,৩৭০। আজি আক্ৰান্তসকলৰ ৪২জন কামৰূপ জিলাৰ হোৱাৰ বিপৰীতে দৰঙৰ ২৫ জন আৰু ডিব্ৰুগড়ৰ ১৮ জন লোক আক্ৰান্ত হয়। আনহাতে, বিগত ২৪ ঘণ্টাত দুজন লোকৰ মৃত্য়ু ঘটিছে।