মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ তুৰাত থকা ফাৰ্ম হাউচত নাৰী দেহৰ ব্যৱসায় চলোৱাৰ অভিযোগত অভিযুক্ত মেঘালয় বিজেপিৰ উপ-সভাপতি বাৰ্নাৰ্ড এন মাৰাকক মঙলবাৰে উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ কৰা হৈছে। ‘উত্তৰ প্ৰদেশত বাৰ্নাৰ্ড এন মাৰক ওৰফে ৰিম্পুক গ্ৰেপ্তাৰ কৰা হৈছে। তুৰালৈ আনিবলৈ তালৈ এটা দল পঠিওৱা হৈছে বুলি আৰক্ষী অধীক্ষক বিবেকানন্দ সিঙে সংবাদ মাধ্যমক জনায়।
উল্লেখ্য যে, শনিবাৰে মাৰাকৰ ৰিম্পু বাগান নামৰ ফাৰ্ম হাউচৰ পৰা এগৰাকী নাবালিকাৰ সৈতে ছয়জন নাবালকক উদ্ধাৰ কৰা হৈছিল আৰু ৭৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেতিয়াৰ পৰা মাৰাক পলাতক হৈ আছিল। আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকে গোপন সূত্ৰৰ ভিত্তিত নাবালক কেইজনক উদ্ধাৰ কৰাৰ লগতে শ শ সুৰাৰ বটল আৰু কণ্ডম জব্দ কৰিছে। লগতে ফাৰ্মহাউচৰ পৰা কেইবাখনো গাড়ীও উদ্ধাৰ কৰা হৈছে।
তুৰাৰ এখন আদালতে সোমবাৰে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ NPPৰ নেতৃত্বত গঠিত ৰাজ্যখনৰ শাসকীয় জোঁটবন্ধন মেঘালয় ডেম’ক্ৰেটিক এলায়েন্সৰ অংশ হিচাপে আছে বিজেপি দল।