সোমবাৰে নিশা নগাঁও চহৰৰ মহখুলি আৰু হেৰাপট্টি ডক্তৰপাৰাত আৰক্ষীয়ে অভিযান চলাই কোটি কোটি টকাৰ ভেজাল ঔষধৰ বেহা চলাই থকা এটা চক্ৰৰ তিনিজনকৈ লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৷
গোপন সূত্ৰৰ পম খেদি প্ৰথমে নকল ঔষধ বিক্ৰি কৰি থকাৰ অভিযোগত মহখুলিত অভিযান চলায় ৷ নিৰ্মিয়মান মহখুলি চিকিৎসা মহাবিদ্যালয়ৰ সন্মূখত থকা এখন ফাৰ্মাচিত অভিযান চলাই আৰক্ষীয়ে এজন লোকক আটক কৰে ৷ আটক কৰা লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযানকাৰী দলে হেৰাপট্টৰ ডাক্তৰপাৰত অভিযান চলায় ৷ এই অভিযানত আৰক্ষীয়ে কোটি টকাৰ ঔষধ অবৈধ ভাবে মজুত কৰি ৰখা এটা ভড়ালৰ তথ্য উদ্ধাৰ কৰে ৷ য’ত মজুত আছিল শিশুৰ ঔষধৰ পৰা বিভিন্ন ৰোগৰ ঔষধ ৷
আৰক্ষীয়ে ডাক্তৰপাৰাৰ পৰা কৰায়ত্ব কৰে সমীৰ হুছেইন আৰু ফকৰুল ইছলাম ৷ ইফালে মহখুলিৰ পৰা আটক কৰাজনৰ নাম হৈছে আনজাৰ হুছেইন ৷ আৰক্ষীয়ে জব্দ কৰা ঔষধ সমূহ নকল বুলি সন্দেহ কৰিছে যদিও পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্হা কৰিছে ৷