GMCHত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা ।
GMCH ৰ চিকিৎসকৰ বিশেষজ্ঞ দলে ২৪ ঘণ্টাই পৰ্যবেক্ষণত ৰাখিছে বুঢ়াসত্ৰীয়াগৰাকীক । GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাই এই কথা জানিব দিয়ে । ।গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ট দেৱশৰ্মাৰ ।
স্বাস্থ্য সংকটজনক যদিও বৃহস্পতিবাৰৰ তুলনাত বৰ্তমান স্বাস্থ্যৰ অৱনিত ঘটা নাই । বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাক ভেণ্টিলেটৰত চিকিৎসা কৰি থকা হৈছে । বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাদেৱৰ প্ৰস্ৰাৱৰ মাত্ৰা যথেষ্ট হ্ৰাস পাইছে আৰু সেয়া এক চিন্তাৰ বিষয় বুলি চিকিৎসকে জানিব দিছে ।