আজি দেশজুৰি পালন কৰা হৈছে লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন। চৰ্দাৰ পেটেলৰ জন্মদিনটোক ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়। জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাই গুজৰাটৰ কেবাদিয়াত থকা চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰে।
আনহাতে, এই দিৱস উপলক্ষে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজন কৰা একতাৰ দৌৰত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ইউ জি ব্ৰহ্মই।
With his steely resolve & decisive leadership, Bharat Ratna Sardar Vallabhbhai Patel united the numerous provinces of erstwhile British India & princely states to create a united Bharat.
Paying tribute to the ‘Iron Man of India’ on his jayanti, observed as #RashtriyaEktaDiwas. pic.twitter.com/bM9d8Ub5Hv
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) October 31, 2022
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেললৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ৰাজ্যৰ ৩৫০০টা স্থানত আমি একতাৰ দৌৰৰ আয়োজন কৰিছো।’’ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জীৱন কাহিনীও বৰ্ণনা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।