ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰণালয়ৰ উত্তৰ পূব মণ্ডলৰ গুৱাহাটীস্থিত ক্ষেত্ৰীয় কাৰ্যালয়ৰ উদ্যোগত আৰু পঞ্জাৱ চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত ১১ নৱেম্বৰত গুৱাহাটীৰ পল্টনবজাৰৰ হোটেল ডায়স্ক অলে আলোক পৰ্যটন ক্ষেত্ৰখনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এক ৰোড শ্ব’ৰ আয়োজন কৰা হয়।
এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত পঞ্জাৱ চৰকাৰৰ পৰ্যটন বিভাগৰ সঞ্চালক কাৰনে শৰ্মাকে ধৰি কেবাজনো বিষয়া, অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উপ সঞ্চালক ইমন চৌধুৰীকে ধৰি কেবাজনো বিষয়া, পৰ্যটন মন্ত্ৰণালয়ৰ গুৱাহাটীস্থিত ক্ষেত্ৰীয় কাৰ্যালয়ৰ সহকাৰী সঞ্চালক জ্যোতিৰ্ময় বিশ্বাসকে ধৰি কেবাজনো বিষয়া, ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্টৰ অধ্যক্ষ ডঃ অমিতাভ দে, ফুড ক্ৰাফ্ট ইনষ্টিটিউটৰ অধ্যক্ষ বৰ্ণালী চক্ৰৱৰ্তী, পৰ্যটন ক্ষেত্ৰখনৰ উন্নয়নৰ হকে কাম কৰি অহা প্ৰায় ৩৫ জন অংশীদাৰ উপস্থিত থাকে। অনুষ্ঠানত অসম আৰু পঞ্জাৱৰ মাজত পৰ্যটনৰ ক্ষেত্ৰখনৰ আদান – প্ৰদান সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে পাৱাৰ পইণ্ট প্ৰেজেণ্টচনৰ সহায়ত দুয়োখন ৰাজ্যৰ উল্লেখনীয় পৰ্যটনথলী সমূহ প্ৰদৰ্শন কৰা হয়।