গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত অসম – মেঘালয় সীমান্তৰ গাতে লগা বৃহত্তৰ ৰাণী অঞ্চলত বিগত দিনকেইটাত বনৰীয়া হাতীয়ে কৃষক ৰাইজক শালি ধান খেতিৰ চপাবৰ সময়ত ত্ৰাহি মধুসুদন দেখুওৱা পৰিলক্ষিত হৈছে। আনকি বিগত প্ৰায় এমাহ ধৰি কৃষক ৰাইজে কপালৰ ঘাম মাটিত পেলাই কৰা শালি ধান বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ নিশা উজাগৰে থাকি টৰ্চলাইট, জোৰ লৈ হাতী খেদা কাৰ্যত জড়িত হব লগা হৈছে। আনকি হাতীৰ গছকত শ শ বিঘা শালি ধানৰ খেতি নষ্ট হোৱাত কৃষক ৰাইজ দিশহাৰা হৈ পৰিছে।
অৱশেষত ভুক্তভোগী কৃষক ৰাইজক কিঞ্চিত হলেও সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ কৰ্তৃপক্ষ। আজি বিয়লি কৰ্তৃপক্ষৰ এটা দলে ৰাণীৰ বেলগুৰীত গৈ ভুক্তভোগী প্ৰায় ৫০ টাৰো অধিক পৰিয়ালক সাক্ষাৎ কৰি হাতীয়ে তেওঁলোকৰ কৰা ক্ষয়ক্ষতিৰ বুজ লয়।
আনহাতে এই উপলক্ষে ৰাণীৰ আঞ্চলিক বন বিষয়া জয়ন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বৰঝাৰ বিমানকোঠৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা , মুখ্য মানৱ সম্পদ বিষয়া বনজিৎ ওজা, প্ৰশাসনিক বিষয়া শুভদ্বীপ মুখাৰ্জী, জনসম্পর্কৰক্ষী বিষয়া ৰুমা দেৱীকে ধৰি কেবাজনো বিষয়া, ৰাণী মৈৰাপুৰ আঞ্চলিক হাতী প্ৰতিৰোধ সমিতিৰ সভাপতি দীনেশ নাথ, সম্পাদক বিনয় দাসকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত। আনহাতে সভাত ভুক্তভোগী কৃষক ৰাইজক আগন্তক দিনত নিশাৰ ভাগত হাতী খেদা কাৰ্যত সহায়ক হোৱাকৈ উচ্চক্ষমতা সম্পন্ন টৰ্চলাইট, ফটকা আৰু কেৰাচিন তেল বিতৰণ কৰা হয়। আনহাতে অঞ্চলটোৰ সচেতন ৰাইজে শালি ধান খেতিৰ চপাবৰ সময়ত কৃষকক এনে ধৰণৰ সহায়ৰ হাত আগবঢ়াই উপকৃত কৰা বাবে বৰঝাৰ বিমানকোঠ কৰ্তৃপক্ষৰ শলাগ লৈছে।