মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত নতুন দিল্লীস্থ অসম ভৱনত মহাবীৰ লাচিতৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ এবছৰীয়া কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান সন্দৰ্ভত বৃহস্পতিবাৰে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈ যায়।
এই বৈঠকৰ পিছতে মুখ্যমন্ত্ৰগৰাকীয়ে অহা ২৪ নৱেম্বৰত অসমৰ সকলো লোককে লাচিতৰ নামত নিজ ঘৰৰ পদুলিত চাকি জ্বলাবলৈ আহ্বান কৰিছে। উল্লেখ্য যে, ২৩ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব লাচিত দিৱসৰ কাৰ্যসূচী। তিনিওটা দিনৰ কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, ২৩ নৱেম্বৰত দিল্লীৰ বিজ্ঞান ভৱনত প্ৰদৰ্শীত হ’ব ৬০০ বছৰীয়া আহোম ইতিহাস। এই প্রদৰ্শনী উন্মোচন কৰিব কেন্দ্রীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে। একে দিনাই সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব আইনমন্ত্রী কিৰেণ ৰিজিজুৱে।
Reviewed preparations for celebrating 400th birth year of Lachit Barphukan in New Delhi on 23-25 November with Sr Officials at Assam House, Delhi.
Cabinet colleagues Shri @jayanta_malla, Smt @AjantaNeog, Shri @keshab_mahanta, Shri @UGBrahma & Shri @Pijush_hazarika were present. pic.twitter.com/lK7OxFP7H7
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) November 17, 2022
২৪ নৱেম্বৰৰ দ্বিতীয় দিনৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে। ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব সমাপন সমাৰোহ। এই সমাপন সমাৰোহত প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে অংশগ্রহণ কৰিব। কাৰ্যসূচীৰ মাজতে বীৰ লাচিতৰ জীৱনৰ ওপৰত আধাৰিত এখন গ্রন্থৰ লগতে এখন তথ্যচিত্রও উন্মোচন কৰা হ’ব। ২৪ নৱেম্বৰত লাচিতৰ প্রতি শ্রদ্ধা জনাই অসমৰ ৰাইজক চাকি জ্বলাবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ পৰৱৰ্তী সময়ত দেশৰ অন্য চহৰসমূহতো লাচিত দিৱস উদযাপন কৰা হ’ব বুলি মন্তব্য কৰি বীৰ লাচিতৰ বীৰত্বৰ কথা নতুন প্ৰজন্মৰ মাজলৈ লৈ যাবলৈ এন চি ই আৰ টিৰ পাঠ্যক্ৰমত লাচিতৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবলৈয়ো আলোচনা কৰিব বুলি মন্তব্য কৰিছে। উক্ত বৈঠকত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অজন্তা নেওগ, কেশৱ মহন্ত, পীযুষ হাজৰিকা আদি উপস্থিত থাকে।