নেপালত কিছুদিনৰ পূৰ্বে এটা বৃহৎ কম্পনাংকৰ ভূমিকম্পই জোকাৰি যোৱাৰ পাছত আগন্তক দিনত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত পুনৰ ভূমিকম্প আহিব পাৰে বুলি দেশৰ ভুতত্ববিদসকলে আশংকা ব্যক্ত কৰিছে। সেই আশংকাৰ পাছত ৰাষ্ট্রীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ চমুকৈ NDMA য়ে উত্তৰ পূবৰ ৰাজ্যকেইখনত ভূমিকম্পৰ পাছত লবলগীয়া ব্যৱস্থা, আগতীয়া সতৰ্কতা, ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে আখৰা আৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰ সমূহক নিৰ্দেশনা জাৰি কৰিছে।
আনকি উত্তৰ-পূবত দুৰ্যোগ পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে থকা দুটা কেন্দ্ৰীয় বাহিনী ক্ৰমে গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্রথম আৰু অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ সমীপৰ দৈমুখস্থিত দ্বাদশ ৰাষ্ট্রীয় দুৰ্যোগ সঁহাৰি বাহিনীক (NDRF) ক এই আখৰাত সক্ৰিয়ভাবে ভাগ লবলৈও নিৰ্দেশ দিছে। সেই নিৰ্দেশৰ পাছতেই আজাৰা পাটগাঁওস্থিত প্রথম NDRF বাহিনীয়ে পাটগাঁওস্থিত প্ৰথম NDRF বাহিনীয়ে গুৱাহাটীৰ উপৰিও হাফলং, বঙাইগাঁও, কোকৰাঝাৰ আৰু শিলচৰত ১৭ নৱেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভূমিকম্প বিষয়ক যৌথ আখৰাত ভাগ লৈছে। প্ৰথম NDRF বাহিনীৰ কমাণ্ডেণ্ট এইছ পি এছ কাণ্ডাৰীৰ নেতৃত্বত বাহিনীটোৰ ১০ জন বিশেষজ্ঞ আৰু বিষয়াই এই আখৰা কাৰ্যৰ তদাৰক কৰি আছে।
আনহাতে মুখ্য পৰ্যবেক্ষক হিচাপে আখৰা কাৰ্যৰ তদাৰক কৰি থকা কমাণ্ডেণ্ট এইছ পি এছ কাণ্ডাৰীয়ে জানিবলৈ দিয়া মতে ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগক কোনেও ৰোধ কৰিব নোৱাৰে আৰু কোনদিনা , কি সময়ত আহিব তাক আগতীয়াকৈ কব পৰা হোৱা নাই। কিন্তু আগতীয়াকৈ সতৰ্কতা অৱলম্বন কৰিলে মানুহৰ জীৱন আৰু সা – সম্পত্তি বহু পৰিমাণে ৰক্ষা কৰিব পৰা যায়। আনহাতে “আপোনাৰ সেৱা সদায় সর্বত্ৰ” বাণীৰে চলি থকা ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ এই যৌথ আখৰাত NDRFৰ প্ৰশিক্ষিত উদ্ধাৰকাৰী সকলে ভাগ লোৱা সকলো বিষয়া – কৰ্মচাৰী সকলক ভূমিকম্প হৈ যোৱাৰ পাছতে আক্ৰান্ত অঞ্চলত কিদৰে ভুক্তভোগী লোকক তৎকালে , নিৰাপদে উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিব, আহত লোকক প্ৰাথমিক চিকিৎসা প্ৰদানকে ধৰি বিভিন্ন কৌশল সমূহৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে।